
কম্পিউটাৰৰ ভাষা:
কম্পিউটাৰৰ মস্তিষ্কটো (Brain) মাত্ৰ কিছুমান ছুইচেৰে গঠিত। এই ছুইচবোৰৰ জৰিয়তে অন্ (On) আৰু অফ (Off) কৰিব পাৰি। ইয়াৰ অৰ্থ হ’ল যে কম্পিউটাৰে মাত্ৰ অন্ আৰু অফ্ৰ ‘ভাষা’ বুজি পায়। অন্ মানে ‘আছে’ বা ‘হয়’ আৰু অফ মানে ‘নাই’ বা ‘নহয়’। অংকৰ ৰূপত ইয়াক ০ (0) আৰু ১ (1) বুলি ধৰা হয়। ইয়াকে ‘দ্বৈত সংখ্যা’ বা ইংৰাজীত ‘বাইনেৰী সংখ্যা’ (Binary Number) বোলে। এই বাইনেৰী সংখ্যাকে যন্ত্ৰৰ ভাষা বা মেছিন লেংগুৱেজ (Machine Language) বোলে।
মেছিন লেংগুৱেজৰ প্ৰতিটো সংকেত অৰ্থাৎ ‘০’ আৰু ‘১’ ক একো একোটা বিট (Bit) বুলি কোৱা হয়। ৮ (8) টা বিটৰ গোটক একোটা বাইট (Byte) বোলা হয়।
আজিকালি সাধাৰণ ভাষাতেই কম্পিউটাৰৰ লগত তথ্যৰ আদান-প্ৰদান কৰিব পৰা হৈছে। ইয়াকে উচ্চস্তৰৰ ভাষা (High Level Language) বোলে। কম্পাইলাৰ (Compiler) নামৰ প্ৰগ্ৰেমৰ সহায়ত কম্পিউটাৰে তাক মেছিনৰ ভাষালৈ সলনি কৰি লয়। BASIC, COBOL, PASCAL, FORTRAN আদি নানা উচ্চস্তৰৰ ভাষাৰ সহায়ত মানুহে কম্পিউটাৰৰ লগত যোগাযোগ স্থাপন কৰে।